স্নেহবন্ধন
“জ্ঞানৰ দীপ্তিৰে নতুন দিগন্তৰ দিশে…”
যোৱা ১২ আগষ্ট, ২০২৬ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET), চৰাইদেউ, সোণাৰিৰ প্ৰেক্ষাগৃহত ডি.এল.এড. চতুৰ্থ ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলৰ স্মৃতি চাৰণ অনুষ্ঠান “স্নেহবন্ধন” সফলতাৰে অনুষ্ঠিত হয়। প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্ত দেৱে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। প্ৰশিক্ষাৰ্থী দেৱযানী গগৈয়ে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত দ্বিতীয় ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে সমবেত সংগীত পৰিৱেশন কৰে। অধ্যক্ষ মহোদয়ে তেওঁৰ আদৰণি ভাষণত ডি.এল.এড. প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰি অনাগত দিনত শিক্ষকতা বৃত্তিত প্ৰৱেশৰ বাবে সাজু হোৱা চতুৰ্থ ষাণ্মাসিকৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক সৎ, দায়িত্বশীল, নিষ্ঠাৱান আৰু আদৰ্শ শিক্ষক হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ সমাজক জ্ঞানৰ পোহৰেৰে আলোকিত কৰাৰ ক্ষেত্ৰত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে উল্লেখ কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি মৰম আৰু আশীৰ্বাদ জ্ঞাপন কৰে। ইয়াৰ পিছত প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা মীনা শইকীয়া আৰু ৰুণিমা শইকীয়া দত্তই শিক্ষকতাৰ মহান ব্ৰত, এগৰাকী আদৰ্শ শিক্ষকৰ মূল্যবোধ আৰু সামাজিক দায়বদ্ধতা সম্পৰ্কে মূল্যৱান বক্তব্য আগবঢ়ায়। তেওঁলোকৰ বক্তব্যই প্ৰশিক্ষাৰ্থীসকলক ভৱিষ্যৎ শিক্ষকতা জীৱনৰ বাবে প্ৰেৰণা আৰু দিশ-নিৰ্দেশনা প্ৰদান কৰে। অনুষ্ঠানৰ এক আবেগিক মুহূৰ্তত চতুৰ্থ ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে ডায়েটৰ চৌহদত পাৰ কৰা দুটা বছৰৰ বিভিন্ন অভিজ্ঞতা, স্মৰণীয় মুহূৰ্ত আৰু স্নেহ-মৰমেৰে ভৰা দিনবোৰ ৰোমন্থন কৰে। এই উপলক্ষে তেওঁলোকে প্ৰস্তুত কৰি উলিওৱা “চৰৈৱেতী” নামৰ প্ৰাচীৰ পত্ৰিকাখন সন্মানীয় অধ্যক্ষ মহোদয়ে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে। ইয়াৰ পিছতে প্ৰশিক্ষাৰ্থী নয়নমণি হাজৰিকাই আঁত ধৰা উপহাৰ প্ৰদান কাৰ্যসূচী সম্পন্ন হয়। অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থী দিপাংকৰ গগৈয়ে শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। “স্নেহবন্ধন” কেৱল এক বিদায়ী অনুষ্ঠান নহয়; ই আছিল দুটা বছৰৰ স্নেহ, সম্পৰ্ক, শিক্ষা, অভিজ্ঞতা আৰু অসংখ্য স্মৰণীয় মুহূৰ্তক হৃদয়ত সাঁচি ৰখাৰ এক মৰমলগা প্ৰয়াস। অনুষ্ঠানটোৱে প্ৰশিক্ষাৰ্থীসকলৰ ডায়েট জীৱনৰ এক স্মৰণীয় অধ্যায়ৰ সামৰণি ঘটাই নতুন দায়িত্ব, নতুন স্বপ্ন আৰু নতুন দিগন্তৰ দিশে আগবাঢ়িবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰে।





















