'ৰোমন্থন-অনুভৱৰ কলমেৰে'
প্ৰশিক্ষাৰ্থীসকলৰ দুবছৰীয়া অভিজ্ঞতাৰ সম্বলিত অনুভৱৰ এটি সংকলন যোৱা ইংৰাজী ১২ ডিচেম্বৰ, ২০২৪ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ, সোণাৰিৰ ২০২২-২৪ বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা 'বিদায় সম্বৰ্ধনা সভাত' উন্মোচন কৰে অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱে। তেখেতে প্ৰশিক্ষাৰ্থীসকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু এনেধৰণৰ পদক্ষেপ ভৱিষ্যৎ সময়তো অব্যাহত ৰখাৰ বাবে আহ্বান জনায়।
পুস্তিকাখনি প্ৰকাশ কৰাৰ মূল উদ্দেশ্য আছিল প্ৰশিক্ষাৰ্থীসকলে বিগত দুটা বছৰত আহৰণ কৰা অভিজ্ঞতাসমূহক লিখিত ৰূপ দি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা আৰু প্ৰশিক্ষাৰ্থীসকলৰ অনুভৱ তথা ভাবসমূহক শৃংখলাবদ্ধভাৱে লিখিত ৰূপ প্ৰদান কৰি তেওঁলোকৰ লিখন দক্ষতাৰ বিকাশ সাধন কৰা।
উল্লেখযোগ্য যে, বিদায়ী ষাণ্মাসিকৰ সকলো প্ৰশিক্ষাৰ্থীৰ মনৰ অনুভৱ অন্তৰ্ভুক্ত হোৱা সংকলনটিৰ সম্পাদনা কৰিছে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা শ্ৰীমতী দীপাৰাণী গগৈয়ে আৰু প্ৰশিক্ষাৰ্থী সমীৰণ ভাগৱতীয়ে। লগতে সংকলনটি এখন আটকধুনীয়া বেটুপাতৰে সজাই তুলিছে প্ৰশিক্ষাৰ্থী প্ৰিয়াংকুৰ খনিকৰে।





















