চিত্ৰকথাৰ পুথি “ছবিৰে সৈতে সাধু পঢ়োঁ আহা” উন্মোচন
ৰঙীন ছবিয়ে শিশুৰ মন অতি সহজেই আনন্দেৰে ভৰাই তোলে। কণ-কণ শিশুসকলৰ কৌতূহলী মনক সৃষ্টিশীল চিন্তাৰে উদ্ভাসিত কৰা, তেওঁলোকৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলা আৰু আনন্দময় শিক্ষণৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET), চৰাইদেউ, সোণাৰিয়ে ২০২৫–২৬ বিত্তীয় বৰ্ষত প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে এখন আকৰ্ষণীয় চিত্ৰকথাৰ পুথি “ছবিৰে সৈতে সাধু পঢ়োঁ আহা” প্ৰস্তুত কৰি উলিয়ায়। ২০২৬ চনৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদ্যাপনৰ লগত সংগতি ৰাখি DIET চৰাইদেউৰ প্ৰেক্ষাগৃহত পুথিখনৰ শুভ উন্মোচন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP) ২০২০-ৰ মূল উদ্দেশ্য আৰু দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা এই পুথিখনত ঈছপৰ সাধু, পঞ্চতন্ত্ৰ, জাতক কাহিনী আৰু আকবৰ-বীৰবলৰ দৰে জনপ্ৰিয় কাহিনীসমূহ সৰল আৰু শিশুবান্ধৱ ভাষাত উপস্থাপন কৰা হৈছে। প্ৰতিটো কাহিনী সংগতিপূৰ্ণ আৰু আকৰ্ষণীয় ৰঙীন ছবিৰে সজাই তোলা হৈছে, যাতে শিশুসকলে আনন্দেৰে কাহিনীসমূহ পঢ়িব আৰু বুজিব পাৰে। পুথিখনৰ অন্যতম বিশেষত্ব হ’ল ইয়াৰ প্ৰতিটো কাহিনীৰ অলংকৰণ আৰু ছবিসমূহ প্ৰতিষ্ঠানৰ ডি.এল.এড. শিক্ষক-প্ৰশিক্ষাৰ্থীসকলে নিজ হাতে অংকন কৰিছে। ইয়াৰ লগতে শিশুসকলৰ পঠন দক্ষতা, বোধগম্যতা, চিন্তাশক্তি আৰু সৃষ্টিশীলতা বিকাশৰ উদ্দেশ্যে প্ৰতিটো কাহিনীৰ সৈতে উপযোগী অনুশীলনমূলক কাৰ্যও সংযোজন কৰা হৈছে। আশা কৰা হৈছে যে এই চিত্ৰকথাৰ পুথিখনে শিশুসকলৰ মাজত পঢ়াৰ প্ৰতি আগ্ৰহ, কৌতূহল, কল্পনাশক্তি আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাত সহায় কৰিব। একে সময়তে, শ্ৰেণীকোঠাত শিক্ষকসকলৰ বাবেও ই এক ফলপ্ৰসূ আৰু আনন্দদায়ক শিক্ষণ-সমল হিচাপে ব্যৱহৃত হ’ব। এই উদ্যোগে শিশুকেন্দ্ৰিক, সৃষ্টিশীল আৰু আনন্দময় শিক্ষণৰ প্ৰতি DIET চৰাইদেউৰ দায়বদ্ধতাক প্ৰতিফলিত কৰাৰ লগতে শিক্ষক-প্ৰশিক্ষাৰ্থীসকলক উদ্ভাৱনীমূলক শিক্ষণ-সমল প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো উৎসাহিত কৰিছে।




















