Accessibility Icon
  • A+
  • A
  • A
  • A

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চৰাইদেউ,সোণাৰি

District Institute of Education & Training, Charaideo, Sonari

Bhojo, Vill: Tiok Gaon, Charaideo, Assam, PIN 785691

Swachh Bharat

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, শিৱসাগৰ,সোণাৰি ৭৫ তম স্বাধীনতা দিৱস উদযাপন ।

দিনাংক :--- ১৫ আগষ্ট,২০২১
৭৫ তম স্বাধীনতা দিৱসৰ মূল বিষয় :-- "Nation First, Always First"

ক'ভিড প্ৰট'কল মানি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান , শিৱসাগৰ, সোণাৰিত আজি ৭৫ তম স্বাধীনতা দিৱস পালন কৰা হয় । প্ৰতিষ্ঠানৰ চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী লক্ষ‍্যজিৎ ফুকনে আঁত ধৰা অনুষ্ঠানটিৰ প্ৰথম কার্যসূচী হিচাপে প্ৰতিষ্ঠানৰ চৌহদ পৰিষ্কাৰ কৰে প্ৰশিক্ষাৰ্থী ৰ লগতে প্ৰতিষ্ঠানৰ কৰ্মচাৰী বৃন্দই । পিছৰ কার্যসূচী হিচাপে বৃক্ষ ৰোপণ কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত ৰাজেন দত্ত ছাৰ আৰু জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুত বিমান চন্দ্ৰ দত্ত ছাৰে । ইয়াৰ পিছত সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা ও বক্তব্য দাঙি ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মাননীয় অধ্যক্ষ শ্ৰীযুত ৰাজেন দত্ত মহোদয়ে । পতাকা উত্তোলন কার্যসূচীত অধ্যক্ষ মহোদয়ক সহায় কৰে জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুত বিমানচন্দ্ৰ দত্ত মহোদয় আৰু ধীৰাজ কাকতি ছাৰে আৰু সমবেত সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।

Website Content Managed by District Institute of Education and Training, Charaideo