Accessibility Icon
  • A+
  • A
  • A–
  • A

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চৰাইদেউ,সোণাৰি

District Institute of Education & Training, Charaideo, Sonari

Bhojo, Vill: Tiok Gaon, Charaideo, Assam, PIN 785691

Swachh Bharat

শিক্ষক দিৱস উদযাপন

শিক্ষাৰ মাধ্যমেৰে সমাজলৈ জ্ঞান আৰু পোহৰৰ বাট দেখুওৱা স্বনামধন্য মনীষী, বিশ্ববৰেণ্য শিক্ষাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনদেৱক শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ আৰু মহান মনীষীগৰাকীলৈ জ্ঞাপন কৰিছোঁ শতকোটি প্ৰণিপাত।

সমগ্ৰ দেশৰ লগতে ইংৰাজী ৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চৰাইদেউ, সোণাৰিতো বিস্তৃত কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহান শিক্ষাবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱে বন্তি প্ৰজ্জ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সভাৰ আৰম্ভণিতে প্ৰশিক্ষাৰ্থীসকলে গুৰু-বন্দনাৰে প্ৰতিষ্ঠানৰ শিক্ষাগুৰুসকলক উষ্ম আদৰণি জনায়। শিক্ষক দিৱসৰ পৱিত্ৰ উপলক্ষত প্ৰশিক্ষাৰ্থীসকলে শিক্ষাগুৰুসকলক মৰম আৰু শ্ৰদ্ধাৰ চিনস্বৰূপে একোখনকৈ চেলেং আৰু একোটাকৈ গছপুলি উপহাৰ হিচাপে প্ৰদান কৰে।

আজিৰ অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য আকৰ্ষণ আছিল প্ৰশিক্ষাৰ্থীসকলৰ সৃজনশীল প্ৰয়াসত প্ৰস্তুত কৰা কেইবাখনো পুস্তিকাৰ উন্মোচন। দ্বিতীয় ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে জ্যেষ্ঠ প্ৰবক্তা শ্ৰীমতী দীপা ৰাণী গগৈৰ তত্ত্বাৱধানত তেওঁলোকৰ প্ৰিয় শিক্ষাগুৰুসকলৰ প্ৰতি থকা শ্ৰদ্ধা, কৃতজ্ঞতা আৰু প্ৰকাশ ঘটাই প্ৰস্তুত কৰা ‘মোৰ প্ৰিয় শিক্ষাগুৰু’ শীৰ্ষক গ্ৰন্থখন,অধ্যক্ষ মহোদয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

ইয়াৰ লগতে প্ৰবক্তা শ্ৰী মনদ্বীপ চেতিয়াৰ তত্ত্বাৱধানত দ্বিতীয় ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা ‘যোগ দৰ্শন’ শীৰ্ষক গ্ৰন্থখনো অধ্যক্ষ মহোদয়ে উন্মোচন কৰে। আনহাতে, প্ৰবক্তা শ্ৰী ডিম্ৰলী দত্তৰ তত্ত্বাৱধানত চতুৰ্থ ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা Biodiversity Register-খনো এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

Website Content Managed by District Institute of Education and Training, Charaideo