Accessibility Icon
  • A+
  • A
  • A–
  • A

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চৰাইদেউ,সোণাৰি

District Institute of Education & Training, Charaideo, Sonari

Bhojo, Vill: Tiok Gaon, Charaideo, Assam, PIN 785691

Swachh Bharat

জুবিন গাৰ্গ — চিৰদিন-চিৰন্তন

অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গ। প্ৰায় চাৰিটা দশক ধৰি অসমৰ আকাশ-বতাহ মুখৰিত কৰি প্ৰতিজন অসমীয়াক সুৰৰ মায়াৰে বান্ধি ৰাখিছিল তেখেতৰ চিৰসেউজ কণ্ঠই। জুবিনৰ শক্তিশালী কণ্ঠত আছিল আন্ধাৰ নাশি পোহৰ অনাৰ বতৰা,বিফলতা অতিক্ৰমি সফল হোৱাৰ সঞ্জীৱনী মন্ত্ৰ।

অসমীয়া সংগীতৰ চৰম দুৰ্দিনৰ সময়ত জুবিন গাৰ্গৰ চহকী গীতিসাহিত্যই অসমীয়া গীতৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰি উজ্জীৱিত কৰি তুলিছিল। অসমীয়াৰ লগতে আন বহুকেইটা ভাষাত গীত গোৱা জুবিন গাৰ্গ নামৰ অম্লান সত্তাটোৱে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন অসমীয়াৰ বুকুত ঘৰ সাজিছিল। জীৱনৰ জটিলতা বুজি নোপোৱা,সকলোকে সহায় কৰা,সৰল আৰু উদাৰ মনৰ জুবিন গাৰ্গ আছিল প্ৰতিটো প্ৰজন্মৰ বাবে এক আদৰৰ নাম।

আজিৰ পৰা এবছৰৰ পূৰ্বে অভিশপ্ত ১৯ ছেপ্টেম্বৰত অসমবাসীৰ বুকু উকা কৰি মায়াৰ বান্ধোন ছিঙি চিৰদিনৰ বাবে আঁতৰি গ'ল বিৰল প্ৰতিভাধৰ এই স্বপ্নদ্ৰষ্টা যুগপুৰুষজন। সেই দিনটোৰ পৰাই যেন স্তব্ধ হৈ পৰিল অসমৰ জনজীৱন। শোকৰ সাগৰত বুৰ গ'ল সমগ্ৰ ৰাজ্য। এই ক্ষতি অপূৰণীয়। কিন্তু তেখেত কায়িকভাৱে আমাৰ মাজত নাথাকিলেও প্ৰতিক্ষণে আমাৰ লগত আছে। তেখেতৰ দ্বাৰা সৃষ্ট গীতসমূহে আজিও প্ৰতিজনক নিচুকাই আছে। শিল্পীৰ মৃত্যু হ'ব নোৱাৰে, শিল্পী চিৰ জ্যোতিষ্মান।

জুবিন গাৰ্গ সুৰৰ এক নিৰৱধি নৈৰ নাম -- ব্ৰহ্মপুত্ৰ বৈ থাকে মানে জুবিন থাকিব ।
জুবিন গাৰ্গ এক দীপ্ত সূৰ্যৰ নাম -- আকাশ থাকে মানে জুবিন থাকিব।
জুবিন গাৰ্গ এক ঈশ্বৰৰ নাম -- অসমীয়া জাতিৰ অস্তিত্ব থাকে মানে জুবিন থাকিব।

সমগ্ৰ অসমৰ লগতে আজি ১৯ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চৰাইদেউ, সোণাৰিতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি 'জুবিন দিৱস' উদ্‌যাপন কৰা হয়। প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱে বন্তি প্ৰজ্জ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। প্ৰতিষ্ঠানৰ শৈক্ষিক বিষয়া, কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থীসকলে মৰমৰ শিল্পীগৰাকীক স্মৰণ কৰি বক্তব্য প্ৰদান কৰাৰ উপৰি নৃত্য-গীতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে।

জুবিন মাথোঁ এদিনৰ আনুষ্ঠানিকতা নহয়; জুবিন প্ৰতিদিনৰ অভ্যাস।

Website Content Managed by District Institute of Education and Training, Charaideo