জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি
'মায়াবিনী সুৰৰ নিশা’ৰ সুৰৰ মায়াজালেৰে দেশ-বিদেশৰ অগণন লোকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমবাসীৰ হিয়াৰ আমঠু, আদৰৰ শিল্পী তথা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে যোৱা ১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে আমাক শোকসাগৰত পেলাই অজান দেশলৈ গতি কৰিলে। তেখেতৰ আকস্মিক প্ৰয়াণত সমগ্ৰ দেশ আজি শোকস্তব্ধ, বাকৰুদ্ধ। এই গভীৰ শোকৰ বেদনাই ডায়েট চৰাইদেউ, সোণাৰিকো সমানে শোকাহত কৰি তুলিছে।
সেয়েহে ডি.এল.এড.ৰ পৰীক্ষাসূচী চলি থকাৰ মাজতো আজি ইংৰাজী ২০ ছেপ্টেম্বৰ তাৰিখে দিনৰ ১১:৩৫ বজাত ডায়েট চৰাইদেউ, সোণাৰিৰ বকুলতলত প্ৰতিষ্ঠানৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱৰ উপস্থিতিত ডায়েট পৰিয়ালৰ সকলো সদস্য একত্ৰিত হৈ মৰমৰ শিল্পীগৰাকীৰ পৱিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উপস্থিত প্ৰতিগৰাকী সদস্যই একোডালকৈ ধূপ জ্বলাই প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান নিবেদন কৰে।
এই শোকসভাত অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱে অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ এক অনন্য পদক্ষেপ হিচাপে এটি লিচুৰ পুলি ৰোপণ কৰি ‘জুবিন বৃক্ষ’ নামেৰে নামকৰণ কৰা হয়।



















